• anuraagt 16w

    অমানিশা

    এন্ধাৰবোৰে আহি মোক আগুৰি ধৰেহি,
    আঁউসীৰ ৰাতিৰ ক'লা ক'লা এসোপা আন্ধাৰে
    সোপা মাৰি ধৰে মোৰ মুখত,
    মোৰ চকুত আঁৰি দিয়ে অস্পৃশ্য় এখনি এন্ধাৰ চাদৰ,
    মই কেতিয়াবা ধৰ্ ফৰাই উঠো - সেই চাদৰখন বাৰে বাৰে আঁজুৰি পেলাবলৈ,
    এধানি পোহৰৰ বাট বিচাৰি মই হাহাঁকাৰ কৰোঁ
    বাৰে বাৰে !
    সামাজিক নে দিথক এয়া ?
    মই বিমূঢ়ৰ দৰে থৰ লাগি যাওঁ,
    ঠিক যেন চিলমিলিয়া টোপনিৰ দৰেই-আহে আৰু গুচি যায় আৰু খান্দি থৈ যায় মোৰ গভীৰত এন্ধাৰ সুৰংগ !!!
    ©anuraagt