• bantisaikiadutta 22w

    চকুৰ পানীৰে নহয়

    চকুৰ পানীৰে নহয় আজি আৰু
    ৰঙা ৰুমালেৰে মুচি লোৱা কুমল
    অনুভূতিৰে নামি অহা তপত চকুলো
    বহু কান্দিলা বহু কান্দোৱালা এতিয়া
    বন্ধ কৰা চোৱা এয়া আজি জাগিছে
    আই মাতৃ উমি উমি আজিও জ্বলে জুই
    ধর্ষণ, ধর্ষণ মাথো ধর্ষণ কিশোৰীৰৰ পৰা বৃদ্ধালৈ
    হৰিনাৰ গাৰ মাংসই বৈৰী বাৰে বাৰে যত লুকাই থাকে
    এটি মৰম আকলোৱা এটি প্ৰাণ যাৰ আছে অলেখ সপোন কল্পনা ৰাজ্যৰ আকাশৰ তৰা আজুৰি অনাৰ
    কিমানে দিলে জীৱন আহুতি কামনাৰ জ্বলা জুইত
    ডেৰ বছৰীয়া শিশুক কান্ধত লৈ পানীত নীৰৱে
    সমাধিস্থ হয় কি বিচাৰি জীৱনৰ মায়া মোহ এৰি
    লাগে যৌতুক কোনোবাক নিজ আত্মসন্মান এৰি
    তাহানিৰ পৰা শুনি শুনি এতিয়াও কান হ'ল ঘোলা চকু হল থৰ ধর্ষণ কাৰিক শিকাবৰ হ'ল শুনাবৰ হ'ল
    এটা ৰক্ত বীজ মৰিল হাজাৰ ৰক্ত বীজে জন্ম ললে
    গজালি মেলাৰ আগতে শিপা উঘালি নিৰ্মূল হওঁক
    অলাগতিয়াল তৰু তীৰ্ণ পৰজীৱী উদ্ভিদ তেজ পিয়া
    জীৱন মানে নো কি সমাজ মানে নো কি মানৱ ধৰ্ম কি
    শিকাবৰ হ'ল জীয়াই আছো জীয়াই আছে এয়াই
    নহয় শেষ আৰু থাকে খলা বমা বাট কাঁইটীয়া
    বিকৃত মানসিকতাক ধ্বংস কৰি ৰোপণ কৰিবৰ
    সময় সমাগত এপাহ ৰজনী গন্ধা ফুল সুগন্ধ বিলোৱা
    জাগ্ৰত আই মাতৃয়ে জ্ঞানৰ পোহৰেৰে বিলাব পাৰে জ্ঞান সোণৰ কণী পৰা হাঁহ এটি মাৰি সাধু কথাত
    হাত গোন্ধাই লাভ হয় কাৰ ক্ষন্তেকীয়া সুখ বিচাৰি
    জীৱনে কি দিলে কি পালে পলে পলে মাথোন
    পৰাজয়ৰ গ্লানি সিহঁতক শিকাবৰ হ'ল বুজাবৰ হ'ল
    সুন্দৰ এটি ভৱিষ্যত নিজৰ আনৰ মোহাৰি নিজ হাত ৰাঙলী কৰি আপোন বাই ভনী প্ৰেমিকা বান্ধৱী মাতৃৰ তেজেৰে ফাকু খেলি অকলসৰীয়া দুৰ্বলতাৰ সুযোগত
    সিহঁতে নিজে কি পালে বৰ্বৰতা মাথোন বৰ্বৰতা
    জাটিংগাত আত্মজাহ দিয়াৰ বাদে নিজৰ লগতে
    আনৰ জীৱন আজুৰি আনি ধ্বংসৰ মুখলৈ এৰি দি
    সভ্য সমাজৰ সদায়ে নাক কোঁচ খোৱালে চকু কঁপালত উঠালে কলা আখৰেৰে বুৰঞ্জীত নাম
    ৰাখিলে কলা অধ্যায় এটি আৰম্ভ কৰি নিজাকৈ
    তাতকৈ সোণোৱালী ৰূপোৱালী আখৰেৰে ৰাখিব
    পাৰিলে হয় এটি মিঠা নাম গীনিজ বুকুত আত্ম সন্মানেৰে সগৌৰৱেৰে বুকু ফিন্দাই ভয় জয় কৰি
    এটি দুটি অভিলেখ গঢ়ি নিতৌ নতুন ৰূপত ।
    ©bantisaikiadutta