• shivji_gupta 38w

    মোৰ কবিতা

    দিন বোৰ বাগৰিছে এনেকৈ
    যেন নিশাবোৰ মধুৰ হব,
    নিশাবোৰো একেদৰেই চেঁকোৰে
    যেন প্ৰত্যাশা এক পুৱাৰ
    যিটি পুৱাই অশা বোৰ পূৰাব,
    বেথাবোৰ দুৰ কৰিব ।

    প্ৰতিটো পুৱাই আহে
    এছাটি চেছা বতাহ লৈ,
    প্ৰতিটো সন্ধিয়াই জিলিকে
    পশ্চিমৰ বেলি হেঙুলিয়া হৈ।
    যিদৰে মোৰ ভাবনাত জিলিকে
    তোমাৰ আউশী সেন্দুৰিয়া হৈ।

    পাৰ হ’ক সোনকালে এই দিনবোৰ।
    এৰা, যিমান পাৰে সোনকালে পাৰে
    পাৰ হৈ যাওক সময়।
    কিযানিবা সময়ৰ চাপত
    বেথাবোৰতো চামনি বান্ধে,
    কিযানি বেদনা বোৰ দুৰ হয়।

    পাৰিব যানো সময়ে মচিব
    সংগোপনে সাঁচি ৰখা মৰম আৰু
    তোমাৰ কত মৌন ছবি?
    পাৰিবনে কোনো আবেগে ঢাকিব
    সহৃদ আৱেগ যত লুকাই আছে
    তোমাৰ মাত, তোমাৰ কত হাঁহি?

    এসময়ৰ আৱেগ বোৰ
    এতিয়া কাইটিয়া বেদনা,
    নালাগে আৰু মচিব এয়া,
    এয়াইতো সংগী বুলিবলৈ
    এয়াইটো মোৰ কবিতা,
    মোৰ হৃদয়ৰ ভাষা।

    -প্ৰণয়

    © Siddhartha Moran