• phenylalanine 24w

    শীতৰ উমাল আমেজ

    শীত,প্ৰকৃতিৰ এক অনুপম উপহাৰ | শুকুলা সাজেৰে মুকুতাৰ বুটা বাছি কুঁৱলীয়ে শীতক সজাই পেলাই মনোমোহাকৈ | শীত বুলিলেই মনলৈ আহে এছাটি ফিৰফিৰীয়া বতাহ| হাঁড় কঁপোৱা জাৰ আৰু তাৰ পৰা পৰিত্রাণ পাবলৈ গাত লোৱা এগালমান জাপ| কুঁৱলীৰ মাজেৰে বৈ অহা বতাহজাকে বহু কথা কয় জীৱনৰ| হয়তো উন্মোচন কৰে এৰি অহা দিনবোৰৰ মায়াময় স্মৃতি| শীতৰ দিনবোৰত মনটোৱে হাহাকাৰ কৰি উঠে এচেৰেঙা ৰ'দৰ বাবে আৰু দিনটোৰ বাবে সকলোৱে পাহৰি যাব খোজে কুঁৱলীৰ চেনেহ স্পৰ্শক| এজাক মিঠা উমাল ৰ'দ|এবুকু আশা সোণগুটি হৈ হাঁহি থাকে পথাৰত|পথাৰত নিমখ,জলকীয়া সানি খোৱা ৰবাব টেঙাৰো যে কি অপূৰ্ব সোৱাদ আৰু লগতে থাকে সমনীয়াৰ সৈতে কৰা যৌৱনৰ ধেনালিবোৰ|শীতৰ আবেলিটো মিঠা ৰ'দজাকে কৰি তোলে ঈৰ্ষণীয়ভাৱে মনোমোহা| শীতৰ জুইকুৰাও সকলোৰে বাবে এক অন্যতম আকৰ্ষণ| হাঁড় কঁপোৱা ঠাণ্ডাত জুইত গা,আঙুলি সেকি মনত ভাব হয় জুইকুৰা যেন বুকুতে সুমুৱাই ল'ম| সঁচাই শীত অনুপম....