• meenasaikia 16w

    কৰ্ম্ম

    Read More

    অনুভৱ মোৰ

    আদৰ্শ কথাৰে নহয়
    কৰ্ম্মৰদ্বাৰাহে দিব বিচাৰিবা
    প্ৰকৃত পৰিচয়
    মানৱ জীৱনত আছে
    সদায় জয় পৰাজয়
    হব নিবিচাৰিবা কাহানিও
    পৰাজিত সৈনিক
    পিচ হুহকি অহাতো নহয়
    জীৱনৰ প্ৰকৃত লক্ষ্য
    কৰ্ম্মক্ষেত্ৰত দি যাবা মাথো
    সাহসৰ পৰিচয়
    সৎসাহস সৎচিন্তাৰে
    মাথো আগুৱাই যাবা
    চাৰিও ফালৰ পৰা দেখিবা
    সকলো তোমাতে পাবা
    উপসৰ্গৰ বিৰাম্বনাই ও
    নোৱাৰে কৰিব একো
    নেদেখা জনৰ আশিষেও
    দিব নিৰ্ম্মালি চেতিয়াই
    সেয়েহে মনত অনুভৱ হয়
    জয় মোৰ সূনিশ্বিত
    প্ৰভু ঈশ্বৰ কাকূতি কৰিছো
    নকৰিবা অহংকাৰি
    পাৰা যদি কৰিবা তুলি
    জীৱন সোনোৱালি
    প্ৰকৃত পথৰ সন্ধান দি
    বাট দেখুৱাই নিবা
    জীৱন যুজত জিকিবৰ বাবে
    মনত সাহস দিবা
    কৰ্ম্মৰ দ্বাৰাহে কৰিব লাগিব
    সকলো চয় নিশ্বয়
    ধৰাৰ বুকুত ৰাখিবই লাগিব
    নিজ পৰিচয় ।
    ©meenasaikia