• narjee_sh 24w

    শব্দৰ বিন্যাস শেষ নোহোৱালৈকে আমাৰ এই বাৰ্তালাপ..
    ঢেৰ কথা
    ভাল লগা কথা
    আমনি পালেও শুনিবা
    আকৌ বা কেতিয়া এনেদৰেই!
    দিনবোৰ চুটি
    ছোৱালী মানুহ আন্ধাৰ হলে বিপদ
    শুনা চোন, অলপ খৰকৈ আহিবা নেকি!
    কথাবোৰ লাহে লাহে কম বাৰু
    তুমি মাত্ৰ শুনিবা..
    কেতিয়াবা হাতখনতে ধৰি দিবা
    মই সংকোচ কৰিলে জোৰকৈ হলেও..
    মই বেয়া নাপাওঁ

    এই যে মই কবিতা লিখোঁ
    কেতিয়াবা গীত গাওঁ
    তোমাৰ ফালে চাই হাঁহো
    তোমাৰ বুকুত অজানিতে মূৰটো পেলাই দিওঁ

    তোমাৰ প্ৰতি মোৰ আব্দাৰ,
    তোমাৰ ক্ষোভ, মোৰ ভয়
    এই সমগ্ৰলৈয়েই মোৰ জীৱন

    তথাপি মোৰ অবিৰাম কথা
    তোমাৰ কথা
    মোৰ কথা
    জানানে, মই যিমানেই কওঁ সিমানেই মোৰ তোমাৰ প্ৰতি মৰমকণ আৰু অলপ বাঢ়ে
    তোমাৰ বৰষুণজাকলৈ থকা আদৰৰ দৰেই
    আৰু তাৰ টোপালত যেন মই সদায় পৰি ৰম
    মোৰ আন্ধাৰৰ প্ৰতি থকা ভয়ৰ দৰেই





    ©নাৰ্জীমৌচুম