• nilanjana 23w

    চকুলো

    চকুলোবোৰ এনেকুৱাই
    কোন সময়ত কাৰ দুচকুত থিতাপি লয় হি
    তাৰ কোনো সঠিকতা মাথাকে...|
    কোন মুৰ্হূতত হাঁহিবোৰে
    চকুলোলৈ পৰিবৰ্তন হয়
    ভবাৰ কোনো অৱকাশ নাথাকে,
    মাথোঁ সংগোপনে আহি ই
    আমাক কেতিয়াবা
    ভীষণভাৱে দুৰ্বল কৰি তোলে |

    চকুলোবোৰেই
    মনৰ আকাশৰ সপোনবোৰ ভাঙি
    হৃদয়খনক কন্দুৱাই ,
    এখনি দুখৰ পাগলাদিয়া
    মোৰ বুকুলৈ বোৱাই আনে
    মোৰ অলক্ষিতে
    গোপনে গোপনে..
    সেই চকুলোৰ কোবাল সোঁতে
    মইজনীক মোৰ পৰা ক্ৰমশ
    হেৰুৱাই নিয়ে...!

    ©নিলাক্ষী চাংমাই
    ©nilanjana