• bibhashdevanath 15w

    শেষবাৰৰ বাবে লগ পোৱাৰ দুবছৰে হ'ল। ভালেই আছা চাগে, মোৰ statusবোৰ মাজে মাজে চকুত পৰে চাগে তোমাৰ। ময়ো ভবা নাছিলোঁ, দেৱদাৰু নগৰীত মোৰ যৌৱনৰ প্ৰথম বতাহজাক তুমিয়েই নমাই আনিবা বুলি। তুমিয়েই মোক চঞ্চল কৰি পেলাবা বুলি। ফাৰ্ষ্ট ইয়েৰত তোমাক মন ভৰাই চাইছিলোঁ। ছেকেণ্ড ইয়েৰত তোমাক কিবা এটা কৈ দিম বুলি ভাবি থাকোঁতেই গ'ল! আৰু এতিয়াতো মই অন্ধই দিয়াচোন!! চাওঁ বুলি চাবও নোৱাৰোঁ। একো কোৱা নহ'ল অ' তোমাক অতদিনে, ভালপাওঁ যে! তোমাক মোৰ যৌৱনৰ জন্মদাত্ৰী বুলি ভাবোঁ যে, সেইবাবেইতো আজি তোমাক বিচাৰি মৌনতাৰ গান গাই ফুৰিছোঁ! তুমিওতো মোক নুবুজিলা, আৰু ময়ো বুজাব নিবিচাৰোঁ., কাৰণ মই তোমাক বহুত ভাল পাওঁ...। এটা অনুৰোধ থাকিল, তুমি প্ৰায়েই ক্লাছলৈ পিন্ধি অহা গোলাপী ৰঙৰ চুৰিদাৰযোৰ মাজে মাজে পিন্ধি থাকিবা। মোক বেয়া নাপাবা, মই এটা "mosto mokkel"! মোৰ "mokkelami" আৰম্ভ হৈছেহে মাথোঁন! উজান বজাৰ হৈ বাৰোৱাৰীলৈ খোজ কাঢ়ি একেলগে যাম দিয়া কেতিয়াবা ক্লাছ শেষ কৰি, সপোনত!!!


    ©bibhashdevanath