|একবিংশ শতিকাৰ লেইলা|
ব্যস্ত জীৱনৰ কোনোবা অচিন পথত
নিজস্বতাৰ সন্ধানত অশান্ত হৈ
প্ৰশান্তি বিচাৰি
নিঃশব্দে চিঞৰিছে লেইলাই,
বিশৃংখল চুলি,
বিশৃংখল বুকু।
প্ৰেম-বিচ্ছেদৰ ক্ষণস্থায়ী বিষণ্ণতাৰ পৰা
বহুযোজন আগত একবিংশ শতিকাৰ লেইলা।
নিজতেই বিচাৰি পাইছে মজনুক,
নিজকেই ভালপাবলৈ শিকিছে তাই।
চকুত এমুঠি সপোন,
পিঠিত দায়িত্বৰ মেটমৰা বোজা।
যান্ত্ৰিকতাৰ পৰা নিলগলৈ গৈ
বহিছেগৈ এটি নৈপৰীয়া ঘাটৰ শিলত,
হাতত বাঁহী,
নিশাহৰ ঢৌত সুৰ বাজিছে,
চকুহাল মুদি বতাহত বিয়পাইছে
ৰবীন্দ্ৰনাথৰ "একলা চলো ৰে"।
~জনাশ্ৰিতা কাশ্যপ
-
janashrita 3w
-
janashrita 3w
अल्फ़ाज़ की कमी तो जुबान को है,
आप बिखरे हुए दिल को एक बार झाक कर तो देखिए,
सितारों की सहर भले ही ना मिले
लेकिन मोहब्बत की संदूक तो सदियों से
सजाके रखी है आपके लिए,
टूटे हुए दिल में भी अमानत बसा के रखी हैं,
सिर्फ आपके लिए।
वैसे भी इश्क़ को लब्ज की जरूरत ही कहा,
दिल की चौखट से आप अंदर आके तो देखिए
निरंतर बहती रहेगी आपके लिए,
प्रेम की सुरम्य झरना।
~जनाश्रीता काश्यप -
janashrita 4w
নিৰ্জীৱতা
জীৱবোৰ বৰ বিষাক্ত,
ভালপালেই হেঁপাহ,
আৰু বেয়া পালেই আঘাত,
জীয়া বুকুত এপাত তিক্ষ্ণ শৰ,
হৃদয় বিদাৰি প্ৰাণ কাঢ়ি নিনিয়ালৈকে নিতে যুঁজ বাগৰ।
লাহে লাহে নিৰ্জীৱতা ভাল পাবলৈ শিকিছোঁ,
ভাল লাগে,
কোনো অভিমান নাই,
কোনো মৰমো নাই।
~ জনাশ্ৰিতা কাশ্যপ -
janashrita 5w
নীলকায়া
অনিদ্ৰাৰ এন্ধাৰ গহ্বৰেদি
কুৰুকি কুৰুকি বগাই আহে
এডাল নেগুৰ নথকা দীঘল সৰিসৃপ,
নিঃশব্দে, আনে গম নোপোৱাকৈ।
আহিয়েই দংশে মোৰ কোমল হৃদপিণ্ড
নীলা হৈ পৰে মোৰ ৰক্তাভ হৃদয়
শিৰাই শিৰাই বিয়পি পৰে বিহ
আৰু অবাণ্চিত বেদনা।
মই সাৰে ৰও ওৰে ৰাতি
বীণ বজায়,
বহু বিনিদ্ৰ ৰজনী তেনেকৈয়ে পাৰ হয়,
বুকুত বিহ ঢলা সাপডাললৈ বাট চায়।
বিষবোৰ শিপাই যায়,
শেষত মোৰ নীলকায়াই
বাস্তৱতাক আলিংগন কৰি
নীলাতেই গুঠে জীৱনৰ চিন্তামালা।
~ জনাশ্ৰিতা কাশ্যপ -
janashrita 6w
পৰজনমৰ হাবিয়াস
আই, পৰজনমত মোক এজনী পক্ষী হৈ জনম দিবি
শুভ্ৰ ডেউকা মেলি সমস্ত পৃথিৱী ভ্ৰমিম।
সীমাৰ বন্দ্বীত্বত বন্দী হ'ব নোখোজো,
সীমাৰ যে আছে ৰক্তভোক
আৰু মোৰ আত্মা শান্তিপিয়াসী।
মুক্তমনে বিচৰণ কৰিম ভাৰত-পাকিস্তান
শষ্যবীজ কঢ়িয়াই নি সিঁচিমগৈ ইথিওপিয়াত।
নাথাকিব মোৰ অভিজাত্যৰ লালসা
নাথাকিব মোৰ ক'লা ৰাজনীতিৰ মোহ,
মাথো উৰি যাম দূৰ দিগন্তলৈ
বিলাই হাঁহি আৰু সুখ।
মই আৰু মোৰ দুখনি যাযাবৰী ডেউকা
এয়ে পৰজনমৰ হাবিয়াসৰ পৰিসীমা।
কুৎসিত পৃথিৱীৰ সীমনাত বহি মোৰ আত্মাই চিঞৰিছে
"ফাট মেলা বসুমতী
পাতালে লুকাও"।
~জনাশ্ৰিতা কাশ্যপ -
Noisy city
No I don't want silence everytime,
Sometimes I want my city to be loud,
Noisy and more noisy.
So that my screams can hide behind.
I want my tears to be concealed behind the citylights,
The colourful neon lights,
That hide my ache inside.
Everyday they see my puffy eyes,
They keep seeing until I realised.
~Janashrita Kashyap -
janashrita 11w
শূন্যতাৰ পোহাৰ
শূন্যতাই মোৰ জীৱন বাটৰ ইন্ধন,
নিঃসংগতাৰ পম খেদি ভাগৰুৱা মোৰ হৃদয়।
এতিয়া আৰু হাবাথুৰি খাই
ঢপলিয়াই নুফুৰো,
জনতাৰ মেলাত এতিয়াও
বান্ধি লও বুকুত এটোপোলা শূন্য।
ইয়াতেই সুখী হোৱাৰ অভিনয়,
হেৰাই যোৱাৰ ভয়,
আত্মানুসন্ধানৰ দুৰ্বাৰ প্ৰয়াস।
কেতিয়াবা মন পিছলে,
এসাগৰ অনুভৱে অৱহেলিত হৈও
ৰৈ থাকে আশাৰে,
বুকুৰ বুটাম খুলি উদঙাই দিবলৈ
অপূৰ্ণ আবেগৰ সীমাহীন পৰিধি।
শব্দৰে বিচাৰি চালে তাত দেখিবা
শূন্যৰ অলেখ পোহাৰ।
দুহাতেৰে চুই চালে অনুভৱ কৰিবা
অজস্ৰ হেঁপাহ, ক্ষোভ
আৰু আধালেখা এথুপি জীয়া জীৱনী।
~জনাশ্ৰিতা কাশ্যপ -
janashrita 11w
কোনে কয় তুমি নাই বুলি মোৰ কাষৰত?
তুমিতো জীয়াই আছা
হৃদয়ৰ আলফুল একোণত,
চিৰজীৱন।
তুমি বিনিদ্ৰ ৰজনীৰ এপাহি লাহি শেৱালী,
শান্ত, শুভ্ৰ আৰু আক্ষেপহীন।
আকৌ কেতিয়াবা,
তুমি শাওণৰ একোলা অভিমানী মেঘ,
অভিমান ভাঙিলেই মৰমৰ বৰষা,
বাসনাৰ আলিংগন,
হৃদয়ত প্ৰণয়ৰ জোৱাৰ।
উশাহৰ গভীৰ আৰ্তনাদত
এজাক জুৰণীয়া সমীৰ।
ক্ৰন্দনৰ কুৎসিত নিশাৰ
এধানি প্ৰাণোচ্ছল হাঁহি।
জড়তাৰ তিমিৰ নাশি
কুঁৱলীৰ ওৰণি টানি
হৃদয়লৈ আহা
এমুঠি পুৱাৰ ৰ'দালী হৈ।
এনেকৈয়ে শিপাই আছা দশোদিশে,
বোৱাই বোৱঁতী নৈ,
উশাহৰ পৰিসীমালৈ।
~জনাশ্ৰিতা কাশ্যপ -
janashrita 12w
ৰৈ যোৱাৰ কথা নাছিল,
কিন্তু আঁতৰি যাবলৈ
এই যাযাবৰী হৃদয়ৰ সাধ্য নহ'ল।
ভয়ে বুকুখন কোঙা কৰিছিল,
জীৱন-জোৱাত পৰাজয়ৰ ভয়,
হাঁহিৰ টোপোলাটো হেৰুওৱাৰ ভয়।
কিন্তু নোৱাৰিলো
মাজবাটতে আঁতৰি যাবলৈ,
লঠঙা বুকুত সেউজী সিঁচা
অচিনাকীজনৰ কথা ভাৱি
ওৰেতো নিশা কটালো।
জোনাকত ওমলাৰ কথা নাছিল,
পৰাণৰ শেষবিন্দুত লগ হোৱাৰ আশা আছিল।
তেওঁৰ হাতৰ শেষটুপি পানীৰে
জীৱন-তৃষ্ণা গুচোৱাৰ সাধনা আছিল।
চিতাৰ কাষৰ এধাৰি চকুলোলৈকে
মোৰ কামনাৰ পৰিধি আছিল।
মোৰ কোৱা নহ'ল,
তেওঁৰ চকুতো হতাশাৰ চিন পোৱা নগ'ল,
নিঃশৱদে আজীৱন এখন বোঁৱতী নৈ বৈ গ'ল,
হৃদয়ৰ পৰা হৃদয়লৈ।
~জনাশ্ৰিতা কাশ্যপ -
janashrita 12w
হৃদয়ৰ পক্ষাঘাত
কেতিয়াবা আঙুলিকেইটা
বৰকৈ নিথৰ হৈ পৰে,
কলমৰ আগেৰে নিঃসৰিত হয়
কলিজাৰ এচেকুৰা তেজ।
শব্দহীনতাই খুলি খুলি খায় মোক,
ক'বলৈ থাকে বহু কথা,
লিখিবলৈ মন যায়
আৰু এটি শোকাতুৰ কবিতা।
ভাৱনাবোৰৰ ঠেহ লাগে
হৃদয়ৰ পক্ষাঘাত,
অনুভৱহীন
অথচ বিষাক্ৰান্ত।
~ জনাশ্ৰিতা কাশ্যপ
