kuntala

শব্দ_নিচা

Grid View
List View
  • kuntala 10w

    শৰৎ-বিশেষ

    পদুলিত ফুলু নুফুলুকৈ ৰোৱা শেৱালি!

    গধূলি বেলাৰ ৰাগি
    তোৰ আধৰুৱা সুৰৰ বাঁহী
    এন্ধাৰতো বিৰিঙে অমলিন হাঁহি,
    তোক বুকুত সামৰি..

    শৰৎ নিশ্চয়কৈ প্ৰিয় ।।

    ©kuntala

  • kuntala 12w

    আহিবা ফুলনি সঁজাই
    অ'...
    শীতৰে খৰিকাজাঁই...
    নিজম ৰাতি নিয়ৰ সৰে
    তোমাতেই জোন জ্বলে
    মেলেঙা বিষাদ আঁতৰে...
    তোমাৰেই যে সুবাস পালে..
    অ'...
    আহিবা ফুলনি সজাই
    শীতৰে খৰিকাজাঁই...

    ©kuntala

  • kuntala 12w

    ভোক

    শৈশৱৰ ভোক
    সপোনৰ ভোক
    যৌৱনৰ ভোক
    জীৱনৰ ভোক
    নিসংগতাৰ ভোক

    সুখৰ চহৰত ভীষণ দুৰ্ভিক্ষ!



    ©kuntala

  • kuntala 13w

    অৱলোকন

    বিষন্নতা,
    জড়তা,
    ৰিক্ততা?

    পোহৰ ক'ত নাই,
    ঘন এন্ধাৰতো জোনাকীয়ে বিলাই !!
    তোমাতেই তোমাৰ জীৱন অধ্যায়...

    ©kuntala

  • kuntala 13w

    তুমি

    আতুৰ আতুৰ
    স্বপ্নাতুৰ
    পংকিলতাৰ এই পৃথিৱী
    মৰম তৃষা
    জীৱন বৃথা
    তোমাক পাহৰি...
    নিৰৱধি এই যাত্ৰা
    আকলুৱা এই পৰিধি.....
    তোমাক সামৰি...


    হালধীয়া হাঁহি
    ধিমিকি ধিমিকি জ্বলে চাকিগছি..
    আশাভৰা আবেগৰে তুমিয়েইতো সাৰথী..
    আকলুৱা এই পৰিধি
    তোমাক সামৰি...


    গাগিনী লাহতি
    সুবাসি সুবাসি শেৱালি পাহিটি
    জোনৰ দেশৰে তুমিয়েইতো সাধুটি
    আকলুৱা এই পৰিধি
    তোমাক সামৰি...

    ©kuntala

  • kuntala 13w

    তোমাতেই সামৰে, উদিত সুৰুযে
    শত বকুলৰ হাঁহি
    কুুহুঁৰি ফালি
    তুমিয়েইচোন অনুৰোল সোণোৱালী ছৱি
    অনুৰত মোৰ তুমি আখৰুৱা বনৰীয়া বাঁহী
    পৰমা...

    ৰামধেনু আতুৰ
    শেষ আবেলিৰ ৰ'দালি ৰঙা
    তোমাৰেই আকুল কহুৱাৰ বাকৰি বগা
    অনূসূয়া মোৰ শৰৎৰ দূৱৰি সেমেকা
    পৰমা...
    তোমাতেই সামৰে, উদিত সূৰুযে
    শত বকুলৰ হাঁহি

    নিৰৱধি আৱেগৰ
    সন্ধিয়াৰ পৰখি ৰজনীগন্ধা
    খিৰিকিৰ সিপাৰৰ পবালি তুমি হাচনাহানা
    তোমাতেই সমাধি শেষবিহীন সুৰৰ সাধনা...
    পৰমা....
    তোমাতেই সামৰে, উদিত সুৰুযে
    শত বকুলৰ হাঁহি...

    ©kuntala

  • kuntala 19w

    স্বীকাৰ্য্য

    একুৰেছি বিছাৰিয়েই
    অথালি পথালি এই জীৱন..
    স্ট্ৰংগাৰ স্ট্ৰংগেষ্টৰ যেন এক অবাধ প্ৰতিযোগিতা..
    সাম্যতা??
    কি অবান্তৰ প্ৰশ্ন!!
    একবিংশ শতিকাৰ প্ৰহৰী আমি
    ম'ষ্ট এচিডিক
    ম'ষ্ট বেছিকৰ দৌৰত
    পাহৰাই হয় বাফাৰৰ ষ্টেবিলিটি ||

    জীৱন স্পন্টেনিটিৰ ভাণ্ডাৰ..
    প্ৰতি ফেজতেই প্ৰয়োজন
    নতুন ইকুইভেলেন্ট পইন্ট..
    খোজে প্ৰতি উজুটি
    - খচকত উৰে সুখ
    দুখৰ দ' খোজ ||
    বাৰু,
    কিমান সুখে নিউট্ৰেলাইজড্ কৰিব পাৰে
    দুখৰ আঁউসী ৰাতি??
    অথবা
    কিমান সুখেৰেইনো চহকী জীৱনৰ ভেলেন্সী??
    -উত্তৰবিহীন প্ৰশ্ন
    -হা হা এন্ডলেছ টাইট্ৰেশন!!

    সপোনবোৰ জীৱনৰ লগৰী,
    সহযাত্ৰী!!
    আজি ইটো কাইলৈ সিটো
    হাই এন্ট্ৰপী..
    টাৰ্গেট পইন্ট বিচাৰি ঘূৰ্মুটিয়াই থাকোতে
    আদবাটতে পথভ্ৰষ্ট!
    দুচকুত আশা লৈ
    বিচাৰি ফুৰো ৰিয়েজেন্ট, কেটালিষ্ট, চ'লভেন্ট
    ইণ্ডিকেটৰ ইত্যাদি ইত্যাদি..

    জীৱনৰ লেবৰেটৰীত, হে শিক্ষাগুৰু সকল
    সদ্যজাত শিশুৰ পৰা একোজন সফল ব্যক্তি
    আপোনালোক অবিহনে জানো সম্ভৱ
    এই দীঘল পৰিক্ৰমা??
    স্বীকাৰ্য্য আপোনাসবৰ অৱদান
    শ্ৰদ্ধাৰ্ঘ আপোনাসবলৈ..
    হৃদয়ৰ পৰা....

    ©kuntala

  • kuntala 38w

    গাভৰু সময়?

    ধৰুৱা হাঁহি...
    ভাগৰুৱা বাঁহী...
    .. ইত্যাদিৰে সমৃদ্ধ মোৰ চোতাল।।
    এইবাৰৰ ব্যাপক প্ৰস্তুতি বসন্তৰ।।

    গাভৰু সময়?

    সোণ সৰোৱা সোণাৰু জোপা সেইখিনিতে ফুলিছিল,
    তই যোৱা বাটেৰে দুখবোৰ উজাই আহিছিল ।।

    এঙেৰুৱা উশাহবোৰতো জিলিকে
    কেতিয়াবা মোৰ
    কেতিয়াবা তোৰ
    অথবা
    কেতিয়াবা দুয়োটাৰে,
    সপোনবোৰ..
    উকা
    অৰ্থহীন উকমুকনি !!

    বিষাদ মচিবলৈ,
    এজাৰ ফুলৰ পৰা
    আকৌ নতুনকৈ ধাৰে লৈছো সুখ।।

    উকা কাগজত লিখি যাম বিড়ম্বনা...। ।
    ©kuntala

  • kuntala 41w

    প্ৰাৰ্থনা

    ঈশ্বৰ বিন্যাস
    নশ্বৰ উপাখ্যান
    শতিকাৰ প্ৰহসন

    শেষ হওঁক ধ্বংসৰ এই দাবানল।।
    ©kuntala

  • kuntala 41w

    ভালপোৱাৰ চহৰত বেনামী সন্ধ্যা, এইবাৰৰ বসন্ত হালধীয়া ।।

    বুজা উত্তৰতকৈ নুবুজা প্ৰশ্নৰ আধিপত্যৰে আজিৰ সন্ধ্যা ।।

    - "তোমাৰ সান্নিধ্যৰ ঠিকনাবোৰেৰে সজাই তোলা বেনিষিদ্ধ কেঁকুৰী গৰকি আজি মই এখন উকা চাদৰ ।সেই দিনৰ সপোনবোৰৰ আজি বোজা ব'ব নোৱাৰাকৈ মই কোঙা, উশাহ থকা এটি জীয়া শৱ...!"

    -"আশা?
    অভ্যসন এতিয়া তুমিহীন মই..।"


    - "শেষ ফাগুনৰ চিৎকাৰ,
    কেতিয়াও উকা নাছিল ফাগুন..
    অথচ্!
    শূণ্যতাৰেই তাৰ পৰিসমাপ্তি? "

    -" ফাগুনৰ কবিতাৰে নপলায় পিয়াহ!!
    এপ্পল ভদ্ কাৰ চাহিদা সদায় বেছি
    প্ৰেমৰ ফিকা চাহ কাপতকৈ।। "

    এৰা..
    প্ৰেম - ভালপোৱাৰ চহৰত আজি বেনামী সন্ধ্যা।
    নাগাবা উভটি আকৌ প্ৰগলভ প্ৰেমৰ আহ্লাদিত কবিতা।
    এইবাৰৰ বসন্ত হালধীয়া।।

    ( নিষিদ্ধ ঘোষণা কৰা হৈছিলেই বসন্তক,
    তথাপি জোৰ জবৰদস্তি।
    কিয়দাংশ অস্বস্তি!! )
    ©kuntala