• 18soul 5w

    ~মা তুমি জানানে?

    মা তুমি জানানে?
    তুমিয়েই মোৰ আকাশৰ জোনাক,
    ৰাতিপুৱাৰ হেঙুলীয়া সূৰুয,,
    যাৰ অবিহনে মোৰ জীৱনৰ
    নাই কোনো অস্তিত্ব।
    কেতিয়াবা খং, অভিমানো কৰোঁ
    তোমাৰ ওপৰত,কিন্তু সেই অভিমানৰ মাজত থকা মৰমখিনিও,
    তুমি বুজি পোৱা নহয়নে??
    মন যায়, তোমাৰ দুচকুত দেখা
    সপোনবোৰ বাস্তৱত পৰিণত কৰাৰ,
    মন যায়, চিৰ চেনেহী তোমাৰ মুখত
    হাঁহি উপচাই দিয়াৰ।
    মা, তুমি জানানে?
    এই হিংসাত্মক সমাজখনত,
    যুজি যুজি ভাগৰৰ টোপনি
    সম্পন্ন হয় তোমাৰ কোলাত।
    কেতিয়াওঁ প্ৰকাশ কৰিব নোৱাৰা,,
    অসীমিত মৰম আছে তোমালৈ,
    মা, তুমি বাৰু জানানে??
    ~সৌৰভ