• nikitabora987 5w

    আহিছে? আহক....... বহক ইয়াতেই ;
    আজি আপোনাৰ অভিমান ভাঙিম আহক
    সদায় কৈয়েই থাকেচোন ; মোৰ হেনো গোমোঠা মুখখন বৰ বিৰক্তিকৰ
    আজি শুনাম আহক.... আপুনি শুনিব বিছৰা হাঁহিটোৰ কাহিনী!
    ভয় নকৰিব..... এচ চি আৰ কোম্পানীৰ হেড এচিষ্টেণ্ট মিছ নিভৃতা গোস্বামী নহয় মই আজি..
    আজি এজনী ছোৱালীৰ কথা শুনাম আপোনক

    বাৰু কওকচোন..সাধু শুনিছেনে আপুনি?
    অ' অ'..মইয়ো সেই তেতিয়াই শুনা অকণমানিতে;
    আহক; আজি মইয়েই শুনাও আপোনাক
    হাবি ভালপোৱা ছোৱালীজনীৰ সাধু; মোৰ সাধু

    বহুবছৰ আগৰ ঘটনা ... মই মাজে মাজে এটি বাট লৈছিলো;
    মানে দুই এবাৰ অহা যোৱা কৰো ভাল লাগে মোৰ
    এদিন তাতেই এখন হাবিয়ে মোৰ বাট ভেটিছিল!
    মই শুধিছিলো কি লাগে...আচৰিতভাৱে হাবিখন মোৰ পিনে আগুৱাইছিল;
    মই মানা কৰিছিলো..ইম্মান জয়াল ; ঘোপমৰা আকাশ নথকা জেগা
    জানে? লাহে লাহে হাবিখনে মোক বিশ্বাস দিছিল; মৰম কৰিছিল
    এদিন সোমাই গলো; সেই যে সোমালো সোমালোৱেই
    এইখিনিত; ঠিক এইখিনিতেই এপাহ ৰঙা গোলাপ গুজি দিছিল
    এতিয়াও আছে; সেই একেই ৰঙা ; সেই একেই ধুনীয়া
    মাত্ৰ তাক লুকুৱাই ৰাখিছো; নজৰ লাগিব যে
    হা হা..ধেমালী কৰিছো শুনি যাওক

    মাজে মাজে হাবিখনত ধুমুহা আহিছিল; জানেনে? মোক কোবাইছিল ডালবোৰে ; বিষত উচুপিছিলো; শুনা নাছিল কোনেও.... হাবিখনৰ বাদে!


    এদিন কি হল জানে? মোৰ দৰেই আৰু কাৰোবাৰ ছায়া দেখিলো
    জুপি জুপি গৈ দেখিলো.. মোৰ দৰেই কোনোবা!
    আৰেেেে কি হল এইয়া? মোক চোন হাবিখনে গতিয়াইছে
    চিঞৰিলো..হাবি নোহোৱা জেগাত মোৰ উশাহ বন্ধ হব বুলি চিঞৰিলো!!!

    নাই; নুশুনিলে........ গুছি আহিলো



    কাষতেই এখন নদী বৈ আছিল...... বৰ শান্ত.. নদীখনে চাইছিল
    আৰু মই? মই চিঞৰিছিলো..নদীখনে শুৱাই লৈছিল মোক
    প্ৰজেক্ট্ৰৰ দেখিছে? অ'.. ঠিক তেনেকেই দেখাইছিল মোক কিছু কাহিনী
    মনে মনে বুকুত বন্ধা হাবিখনৰ কিছু জীয়া কাহিনী..

    শান্ত হৈছিলো... নদীখনৰ দৰেই
    এতিয়াও
    হয়তো এনেকৈয়ে..!


    তাৰপৰা ওভটোতে আপোনাৰ বিৰক্তিৰ উৎস মিছ গোস্বামীৰ চেলেংখন মেৰালো

    বুজিলে?

    হা? আছে মোৰ ঘৰ .. কিয়নো নাথাকিব?
    তাত মিছ গোস্বামী বা হাবি ভালপোৱাজনীক নাপায় আপুনি

    কি কৈছে? কম কম তাইৰ কথাও কম
    কিন্তু আজি নহয়
    আন কেতিয়াবা!!!!

    - নিকিতা