• gitarthadas 46w

    মন যায়

    কেতিয়াবা মন যায়
    কবি হ'বলৈ
    মনৰ কথাবোৰ কলমেৰে ক'বলৈ
    প্ৰেমবোৰ উজাৰি দিবলৈ
    আখৰেৰে সাঁকো সাজি তোমাক লগ ধৰিবলৈ!

    কেতিয়াবা মন যায়
    গান ৰচিবলৈ
    মোৰ হৃদয় ধ্বনি তোমাকো শুনাবলৈ
    সুৰৰ আঁৰত তোমাক চাবলৈ
    তালৰ লগত মনক মিলাবলৈ!!

    কেতিয়াবা মন যায়
    ছবি আঁকিবলৈ
    তুলিকাৰ আঁৰত তোমাক বনাবলৈ
    ৰঙেৰে মৰমবোৰত ৰহণ সানিবলৈ
    কৃত্তিমতাৰ মাজেৰে হলেও তোমাক কাষত পাবলৈ!!!

    মন যায় সদায় তোমাৰ প্ৰেমী হ'বলৈ

    ©গীতাৰ্থ;)