• ravisangkar 5w

    চীনৰ অৰ্থনৈতিক মায়াজালত আমি ভাৰতীয় সকল কেনেদৰে বন্দী...????

    ক) আপুনি যদি ভাবিছে, চীনে ফটকা,ফুলজাৰি, সততে দূৰ্গা পূজাৰ বজাৰত প্ৰত্যক্ষ কৰা শিশুৰ খৈল-সামগ্ৰী ইত্যাদি বোৰ বিক্ৰী কৰি অৰ্থনৈতিকভাৱে টনকিয়াল দেশ হৈছে বুলি ভাবিছে। তেন্তে আপুনি ভুল ভাবিছে‌।

    খ)যদিহে আমি চীনৰ পৰা আমদানি বন্ধ কৰো,চীনৰ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ক্ষতিৰ হাৰ একেবাৰে নগন্য।কিয়নো চীনৰ মুঠ ৰপ্তানিৰ কেৱল মাত্র তিনি শতাংশহে ভাৰতে লাভ কৰে।

    গ)কিন্তু যদি বিপৰীত দিশৰ পৰা লক্ষ্য কৰো‌,ভাৰতে ৭০বিলিয়ন ডলাৰৰ এক বৃহৎ আমদানি ভাৰতে চীনৰ পৰা লাভ কৰে । য'ত ৬০% ইলেক্ট্ৰনিক সামগ্ৰী আৰু ৬৭% দৰৱ ঔষধি সামগ্ৰীৰ বৃহৎ আমদানি ভাৰতে গ্ৰহণ কৰি আহিছে।

    ঘ) যদিহে কৰ'ণাৰ এনে সময়ত আমি চীনৰ পৰা লাভ কৰা আমদানিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বৰ্জন কৰো‌। তেতিয়াহ'লে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব ভাৰতৰ স্বাস্থ্য খণ্ড। কিয়নো ৬৭%দৰৱ বা ঔষধিৰ সামগ্ৰীৰ আমদানি
    ভাৰতে পূৰ্বৰে পৰা লাভ কৰি আহিছে। চীনা সামগ্ৰীৰ বৰ্জনে বৃহৎ অভাৱনীয় ঔষধি সামগ্ৰীৰ নাটনিৰ সন্মুখীন হ'ব স্বাস্থ্য খণ্ডত।যিটো সময়ত সমগ্ৰ দেশে অতি সীমিত আন্তঃগাঠনিত ভৰ দি স্বাস্থ্য খণ্ডই এক অভাৱনীয় সংকটৰ মাজেৰে বৰ্তমানৰ পৰিস্থিতিৰে সৈতে যুঁজদি আছে ।

    অৰ্থাৎ কেনেদৰে ভাৰতৰ স্বাস্থ্য খণ্ড চীনা কৱলৰ পৰা মুক্তি লাভ কৰি সঁচা অৰ্থত আত্মনিৰ্ভৰশীল স্বাস্থ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে সেয়াহে হ'ব গুৰুত্বপূৰ্ণ‌।

    ঙ) কেনেদৰে চীনা ইলেক্ট্ৰনিক সামগ্ৰী ৬০% আমদানি ৰ জৰিয়তে চীনৰ প্ৰতিস্থান সমূহে ভাৰতৰ ম'বাইল,লেপটপ অৰ্থাৎ ইলেক্ট্ৰনিক সামগ্ৰীৰ বজাৰ খনত প্ৰভুত্ব স্থাপন কৰি আহিছে । সেয়া মই আজিৰ "স্মাৰ্ট ফোনৰ" "Smart Phone"ৰ প্ৰতি চৰম আকৃষ্ট যুৱচামটোক বুজোৱাৰ প্ৰয়োজন নাই ।

    চ) ওপৰত উল্লেখিত অপ্ৰিয় অথচ সত্য ঘটনাবোৰৰ দ্বাৰা ভাৰতে আটাইতকৈ বেছি আমদানি গ্ৰহণ কৰা দেশ হৈছে চীন। যদিও চীনৰ মুঠ ৰপ্তানিৰ মাত্ৰ তিনি শতাংশৰ অংশীদাৰীত্বৰ দেশ ভাৰত।

    ছ) আটাইতকৈ ভাৰতীয় অৰ্থনীতিৰ অপ্ৰতিফলিত দিশটো হ