• sam_i_kha 10w

    আধৰুৱা সপোন

    চাৰিও দিশে মোৰ শাহসতাৰ গুন বুনে সকলোৱে,
    কাৰণ অতি কম বয়সতেই পৃথিৱীৰ সকলো শোকবোৰকে খুব মিচিকিয়াই আকোৱালি লৈছিলো মই।
    কিন্ত্ত সত্যটো হ'লে বেলেগ,
    মই বেলেগ এটি ধৰণৰ ভয়াতুৰ মানুহ।
    হয়তো পিশাচ দেখিও কোনোৱে ইমান ভয় নাখাব, যিমান মই আধৰুৱা সপোন লৈ খাওঁ।
    আধৰুৱা সপোন হয়তো শুনিবলৈ মোৰ অজশ্ৰ ইচ্ছাৰ কথা কোৱা যেন লাগিছে,
    কিন্ত্ত নহয় আধৰুৱা সেই সপোন য'ত মই তেওঁক লগ পাওঁ।
    জানো দিঠকত আৰু কেতিয়াও সেইয়া সম্ভৱপৰ নহয়,
    কিন্ত্ত বিদায় ল'লে তেওঁ আকষ্মিক হলেও বিদায় ল'লে
    কিন্ত্ত সেই সপোনত তেওঁক মই কাষৰত পাওঁ মোৰ,
    মোৰ সপোনত তেওঁক মই স্পৰ্শ কৰো।
    কিন্ত্ত পুৱাৰ পোহৰে মোৰ যেতিয়া চকু মোকলাই,
    দিঠকত যেতিয়া তেওঁ কাষত নেথাকে শোক বোৰে খুন্দা মাৰে,
    সেই বাবেই নিজক মই সাহসীৰ অধিকাৰী নাভাবো।
    ©দেৱ _সমিক্ষা