• narjee_sh 45w

    তোমাৰ ছবিখনে সকাহ দিয়ে.. 
    চাৰ্টৰ ওপৰৰ বুটামটো খোলা থাকিলে ভালেই লাগে
    কিন্তু, মাৰি থবা
    মৰম লাগে।

    তোমাৰ ছবিখন আজি ডাঙৰ কৈ চাইছোঁ
    বহুবাৰ চাইছোঁ
    দিন হ'ল নহয়?

    গোট মাৰিছে
    মৰমবোৰ..
    আপুনিবোৰ তুমি হোৱা দিনৰে পৰা
    পিছে যাচিবলৈও চোন তোমাৰ আজৰি নাই

    ছবি এখন পঠাবা নেকি!
    দিন হ'ল নহয়?

    ভাললগা আৰু ভালপোৱাৰ..



    ©নাৰ্জীমৌচুম