• smitabordoloi 11w

    Word Prompt:

    Write a 6 word one-liner on Insecure

    Read More

    অনন্ত কাল ইয়াতেই আছো,
    এনেদৰেই,
    দুই আঠুত মুখ গুজি।
    চাৰিওকাষে বৈ আছে
    বিষন্ন বতাহ।
    পাহাৰটো জঠৰ হ'ল
    নদীয়ে হেৰুৱালে গতি
    জকাটো যেন পথাৰখন,
    সকলোৱেই ৰৈ আছে
    মোৰ দৰেই,
    অনন্ত কাল,
    দুই আঠুত মুখ গুজি।
    এতিয়া নিৰ্জীৱ এই ধৰা
    নিঃস্তব্ধ চৌপাশ
    আকাশে সলালে ঠিকনা।
    কুন্দলি পকাই পৰি আছে
    গোমোঠা দিনটো।
    নৈশব্দক আগভেটি
    বিমৰ্ষ ৰাতিটোত
    ট ট কৈ জ্বলি আছে
    এজাক জোনাকী পৰুৱা,
    বৈৰাগী গীত গাই।