• sunnycr7 23w

    দেউতা

    দেউতা এনে এজন মানুহ যি মোৰ
    হাহিৰ বাবে নিজৰ দুখবোৰ লুকুৱাই ৰাখে,
    দেউতা এনে এজন মানুহ
    যি মোৰ জীৱনৰ নায়ক,
    দেউতা এনে এজন মানুহ যিজনৰ দুচকুত
    মোৰ সফলতাৰ সুখৰ চকুলো বিৰিঙে,
    দেউতা এনে এজন মানুহ
    যিজনে সদায় মোক বিশ্বাস কৰে,
    দেউতা এনে এজন মানুহ যিজনে মোক
    মোৰ প্ৰতিটো বিপদত সহায় কৰে,
    দেউতা এনে এজন মানুহ
    যিজনৰ মৰম মোৰ বাবে অন্তহীন।